Show/Hide Keyboard Layout

বুকু ভৰা

- মালবিকা বৰা

বুকু ভৰা এই তৃষা/নিশা যে

আহা আহানা আঁতৰাওঁ

হিয়া দিয়া নিয়া হিয়া লোৱাৰে

আহা আহানা উটি যাওঁ

কিয়নো ৰ’বা অকলে অকলে

আহা কাষলে ।

 

কিয় বাৰু নাগামেই

জীৱনৰ এই মধু গান

মোহনীয়া এই দিন যে

হাঁহিৰে আহা সজাওঁ

আজিয়েই দিয়া উজাৰি হিয়া যে

আহা কাষলে ।

 

পাখি লাহি পখিলাই

কাণে কাণে আহি কৈ যায়

দুদিনীয়া এই জীৱন

নেথাকে জানা সদায়

আজিয়েই দিয়া উজাৰি হিয়া যে

আহা কাষলে ।।

Hits: 1591